গুৱাহাটীঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা, আমছুক বেআইনী তথা নিষিদ্ধ ঘোষণা কৰাৰ দাবী উত্থাপন কৰিছে হিন্দু সুৰক্ষা সেনা অসমে৷ বুধবাৰে সংবাদ মাধ্যমক এই দাবী উত্থাপন কৰি সেনাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কাঞ্চন নাথ আৰু কেন্দ্ৰীয় সম্পাদক মিঠুন দাসে কয় যে অসম আন্দোলনৰ সময়ত আছুক প্ৰত্যাহ্বান জনাবলৈ কংগ্ৰেছে সৃষ্টি কৰা আমছু দৰাচলতে ‘সংখ্যালঘু’ আৰু ‘ছাত্ৰ’ শব্দ দুটাৰ আঁৰ লৈ চলি থকা এটা অ’ভাৰগ্ৰাউণ্ড জেহাদী সংগঠনহে আৰু অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰেই নিৰাপত্তাৰ স্বাৰ্থত এই ছদ্মবেশী জেহাদী সংগঠনটো অচিৰেই নিষিদ্ধঘোষিত হোৱা উচিত৷
নেতাদ্বয়ে কয় যে জন্মলগ্নৰে পৰা আমছুৱে অসমত ইছলামিক সম্প্ৰসাৰণবাদ তথা খিলঞ্জীয়াবিৰোধী মুছলিম আগ্ৰাসনৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়াই অহাৰ বাহিৰে অন্য একো কৰা নাই আৰু বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ প্ৰতিটো প্ৰচেষ্টাতে ই প্ৰত্যক্ষ-পৰোক্ষভাৱে বাধা দিবলৈহে অপচেষ্টা চলাই আহিছে৷