ডিজিটেল ডেক্সঃ দায়িত্ববোধ আৰু কৰ্তব্যনিষ্ঠাৰ বাবে মানুহে বাটৰ হাজাৰ বিঘিনিও অতিক্ৰম কৰিবলৈ সক্ষম হয়। ইয়াৰ জলন্ত উদাহৰণ মহাৰাষ্ট্ৰৰ ২৯ বছৰীয়া চৰকাৰী বিদ্যালয়ৰ শিক্ষক ৰঞ্জনিকান্ত মেন্ধে। প্ৰতিদিনে তেওঁ পুনেৰ পৰা ১০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব মটৰচাইকেলেৰে আহি বিদ্যালয়ত উপস্থিত হয়গৈ।
ঘাইপথৰ পৰা নামি শিক্ষকজনে পাহাৰীয়া বোকাময় ১২ কিলোমিটাৰ পথ অতিক্ৰম কৰিবলগীয়া হয়। দুয়োকাষে ৪০ ফুট দ’ গাত থকা বাটটো বাৰিষা শিল-বালি কঢ়িওৱা ট্ৰাকে কদৰ্য কৰি পেলায়। এনে ভয়াবহ পথেৰে প্ৰতিদিনে তেওঁ অহা-যোৱা কৰে মাত্ৰ এজন ছাত্ৰৰ বাবে। চান্দাৰ নামৰ গাঁওখনত আছে মাত্ৰ ১৫ টা পৰিয়াল, জনসংখ্যা ৬০ জন। গাঁওখনৰ একমাত্ৰ স্কুলখনত যোৱা দুবছৰে এজনেই ছাত্ৰ, ৮ বছৰীয়া যুৱৰাজ ছানগাল।