68
ঢেকিয়াজুলিঃ বাৰিষা আহিলেই নৈ পৰীয়া ৰাইজ শংকিত হৈ পৰে৷ জানোচা নিদ্ৰাৰত অৱস্থাতেই বেৰৰ জলঙাৰে নৈখন বৈ যায়৷ যদি কাঢ়ি লৈ যায় চিৰদিনৰ বাবে আইৰ নিচুকণি গীতবোৰ…৷
কাৰণ ৰাজ্যখনৰ মথাউৰিৰ অৱস্থা একেবাৰেই তথৈবচ৷ বৰমূৰীয়াই মথাউৰি নিৰ্মাণৰ বাবে আঁচনি ৰূপায়ণ কৰে যদিও ফাইলতে থাকি যায় মথাউৰি নিৰ্মাণৰ নমুনা৷ বাৰিষা আহিলেই শোণিতপুৰৰ গাভৰুনদীৰ ভঙা মথাউৰিৰ পাৰত কৃষক ৰাইজে দিন ৰাতি পাৰ কৰে প্ৰলয়ৰ আশংকাত৷