নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত জাজৰিৰ বগৰিগুৰি নিবাসী জ্যেষ্ঠ সাংবাদিক ৰাহুল দেৱ বৰদলৈ গুৰুতৰ ভাবে অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে৷ শুকুৰবাৰে বিয়লি গুৰুতৰভাবে অসুস্থ হৈ পৰাত সাংবাদিক বৰদলৈক নগাঁও চহৰৰ ব্যক্তিগত চিকিৎসালয় মাৰ্চি হস্পিতালত ভৰ্তি কৰোৱা হৈছে।
জানিব পৰা মতে, হঠাতে পেটৰ বিষ আৰু তীব্ৰ জ্বৰ হোৱাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ চিকিৎসকৰ পৰামৰ্শ অনুসৰি চিকিৎসালয়ত ভৰ্তি কৰায়। দীৰ্ঘদিন ধৰি সংবাদ ক্ষেত্ৰৰ লগত জড়িত হৈ থকা বৰদলৈয়ে জাজৰি প্ৰেছ ক্লাৱৰ সম্পাদকৰ দায়িত্ব পালন কৰি আহিছে৷ দৈনিক অগ্ৰদূত আৰু এদিনৰ সংবাদ কাকত আৰু ৱেব মিডিয়া newsnextone.comত স্থানীয় সংবাদদাতা হিচাপে সেৱা আগবঢ়াই আহিছে।