Home দেশমহাকাশত সন্ধানহীন জিএছএটি-৬এ উপগ্ৰহ, ২৭০ কোটি টকীয়া উপগ্ৰহৰ সৈতে যোগাযোগ বিচ্ছিন্ন ইছৰোৰ

মহাকাশত সন্ধানহীন জিএছএটি-৬এ উপগ্ৰহ, ২৭০ কোটি টকীয়া উপগ্ৰহৰ সৈতে যোগাযোগ বিচ্ছিন্ন ইছৰোৰ

by News Desk
57 views
A+A-
Reset

ডিজিটেল ডেক্সঃ যোৱা ২৯ মাৰ্চত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে মহাকাশলৈ প্ৰেৰণ কৰা জিএছএটি-৬এ কমিউনিকেশ্বন উপগ্ৰহটোৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে ইছৰোৰ৷ এই কথা ইত্মমধ্যে স্পষ্ট হৈ পৰিছে৷ যান্ত্ৰিক বিজুতি দেখা দিয়াৰ পাছত মহাকাশত সন্ধানহীন হয় ২৭০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ২,০৬৬ টন ওজনৰ উপগ্ৰহটো৷ কক্ষপথৰ স্থাপনৰ সময়তে ই নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে৷

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত শেহতীয়া খবৰ মতে, উপগ্ৰহটো কক্ষপথত স্থাপন কৰিবলৈ লোৱাৰ সময়তে ৩০ মাৰ্চৰ পুৱা ৯.২২ বজাত অন্তিমটো আপডেট আহিছিল। দ্বিতীয়টো অৰ্বিট ৰেইজিঙলৈকে সকলো থিক আছিল যদিও ইয়াৰ পাছতে উপগ্ৰহটোত বিজুতিয়ে দেখা দিয়ে। উপগ্ৰহ এটা কক্ষপথত স্থাপনৰ বাবে এটা থ্ৰাচৰেই প্ৰয়োজন। যদি এবাৰৰ থ্ৰাচত ইয়াক কক্ষপথত স্থাপন কৰিব পৰা নাযায়, তেন্তে ইয়াক নিয়ন্ত্ৰণ কৰা জটিল হৈ পৰে। ইছৰোৰ বিজ্ঞানী আৰু অভিযন্তাসকলে যোৱা দুদিন দিনে-ৰাতিয়ে কাম কৰিও উপগ্ৰহটো নিয়ন্ত্ৰণলৈ আনিব নোৱাৰিলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0