ডিজিটেল ডেস্কঃ এদিন নহয় দুদিন নহয় বা এমাহ-দুমাহ নহয়, প্ৰায় চাৰি বছৰ আত্মীয়জনৰ বাবে অধীৰ অপেক্ষাৰে ৰৈ থকাৰ পাছত অহা বেয়া খবৰটো লাভ কৰিছিল ৩৯গৰাকী শ্ৰমিকৰ পৰিয়ালে৷ তেতিয়াৰ পৰাই কান্দি দিন পাৰ কৰিছে পাঞ্জাৱৰ বহু পৰিয়ালে৷ ইৰাকৰ মছুল চহৰত আইছিছে ৩৯ জন ভাৰতীয় শ্ৰমিকক হত্যা কৰাৰ তথ্য বিদেশ মন্ত্ৰী সুষমা স্বৰাজে যোৱা ২০ মাৰ্চত সংসদত দাখিল কৰাৰ লগে লগে কান্দোনৰ ৰোল উঠিছিল পৰিয়ালসমূহত৷
যোৱা ৪ বছৰ ধৰি নিৰুদ্দেশ হৈ থকা ৩৯ ভাৰতীয়ৰ মৃত্যু হোৱা বুলি চৰকাৰে থিৰাং কৰিলেও মৃতদেহ দেশলৈ উভতাই আনিবলৈ সক্ষম হোৱা নাছিল চৰকাৰ৷ ইৰাকৰ মছুলত আইএছআইৰ গণকবৰত উদ্ধাৰ হোৱা মৃতদেহ বাগদাদত ডিএনএ পৰীক্ষা কৰাৰ অন্তত নিৰুদ্দেশ হৈ থকা ৩৯ ভাৰতীয়ৰ বুলি নিশ্চিত হৈছে যদিও চৰকাৰে মৃতদেহ সময়মতে দেশলৈ আনিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈ আহিছে চৰকাৰৰ বিৰুদ্ধে৷