ডিজিটেল ডেস্কঃ সকলো ৰেকৰ্ড ভংগ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি কৰিলে৷ দক্ষিণ এছিয়াৰ ভিতৰত এতিয়া ভাৰতে উচ্চ দামত পেট্ৰল আৰু ডিজেল বিক্ৰী কৰে৷ পেট্ৰল-ডিজেলৰ দাম বৃদ্ধিৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কেন্দ্ৰৰ বিজেপি চৰকাৰে৷
পকেটৰ ধন ৰাহি কৰিবলৈ এতিয়া উপায় নোহোৱা হৈছে দেশৰ মধ্যবিত্ত, দৰিদ্ৰ, শ্ৰমিকৰ৷ খাদ্য-সামগ্ৰী, পেট্ৰলকে ধৰি সকলো সামগ্ৰীৰ এতিয়া আকাশলংক্ষী মূল্য বৃদ্ধি হৈছে৷ এইবাৰ পেট্ৰল-ডিজেলৰ মূল্য বদ্ধি কৰাত সকলো ৰেকৰ্ড ভংগ কৰিলে চৰকাৰে৷ দিল্লীত প্ৰতিলিটাৰ পেট্ৰল ৭৩.৭৩ টকা আৰু ডিজেলৰ মূল্য ৬৬.৫৮ টকা হৈছে৷