গোৰেশ্বৰঃ বছৰ বছৰ ধৰি ৰাজ্যখনৰ ৬ জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত বন্ধ, ধৰ্ণা, অৱৰোধেৰে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ সমানে সমানে কেইবাটাও বড়ো জনগোষ্ঠীৰ সংগঠন আৰু ট্ৰাইবেল সংঘ সমন্বয়ৰক্ষী সমিতিয়ে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধাচৰণ কৰি গৈছে৷ জনজাতিকৰণৰ বিৰুদ্ধে আৰু জনজাতিকৰণৰ সপক্ষে ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে৷
তাৰ মাজতে বিটিচি প্ৰধান তথা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে হঠাৎ সুৰ সলনি কৰি আদিবাসী আৰু কোচ-ৰাজবংশীক জনজাতিকৰণ কৰিব লাগে বুলিও মত প্ৰকাশ কৰিছে৷ হাগ্ৰামা মহিলাৰীয়ে বাক্সা জিলাৰ গোৰেশ্বৰ ব্লক বিপিএফৰ লগতে যুৱ আৰু মহিলাৰ দ্বাদশ বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণত এই কথা প্ৰকাশ কৰে।