মৰিয়নিঃ দেশৰ কেইবাটাও দলিত সংগঠনে আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ পৰে অসমৰ কেইবাখনো জিলাত পৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ চাহ বাগিচা এলেকা আৰু আদিবাসী অধ্যুষিত এলেকাত বন্ধৰ ব্যাপক প্ৰভাৱ পৰাৰ লগতে উজনি অসমৰ বিভিন্ন স্থানত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।
যোৰহাটৰ জে বি ৰোডত ৰাজ পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ভাৰত বন্ধৰ সমৰ্থকে। তিনিচুকীয়া জিলাতো ৰাজ পথলৈ ওলাই আহে ভাৰত বন্ধৰ সমৰ্থক৷ তিনিচুকীয়াৰ বিভিন্ন স্থানত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে অনুসূচিত জাতি ছাত্ৰ সন্থাই৷