কামপুৰঃ জন্মৰ পাছৰে পৰা মাতৃৰ বাবে সন্তানটো আলাসৰ লাড়ু হৈ পৰে৷ মাতৃৰ পৰা পৃথিৱীৰ সমস্ত কথা আহৰণ কৰে সন্তানটোৱে৷ মাতৃৰ কোলাখনেই সকলোতকৈ সুৰক্ষিত বুলি ভবা হয় সন্তানটোৰ বাবে৷ সন্তানটোক এৰি কিছু সময় আতৰি থাকিব নোৱাৰে মাতৃয়ে৷ মাতৃৰ মৰমৰ অৱদানৰ বাবেই সন্তানে পৃথিৱীত পানীকেচুৱাৰ পৰা এদিন বৰ মানুহ হয়৷
জন্মৰ পৰাই আমাৰ শুশ্ৰুষা মায়ে কৰে৷ কাপোৰতে শৌচ-প্ৰস্ৰাৱ কৰা কেঁচুৱাটোক তালি-তুলি ডাঙৰ-দীঘল কৰে মায়ে৷ মাতৃৰ মৰম কি, সেই কথা সকলোৱে জানে৷ এই পৃথিৱীত মাতৃতকৈ শ্ৰেষ্ঠ কোনো নাই৷ নমাহ দহ দিন পেটত ৰাখি বহু কষ্টেৰে লালন-পালন কৰে সন্তানক৷