71
ডিজিটেল ডেক্সঃ গুৰপ্ৰীত সিঙৰ মানি বেগটো কেতিয়া পকেটৰ পৰা পৰিল গমেই নাপালে৷ দিল্লীৰ মেট্ৰ’ত পৰে গুৰপ্ৰীতৰ মানি বেগটো৷ যোৱা ১৫ মাৰ্চত হেৰাই মানিবেগটো৷ বেচেৰা গুৰপ্ৰীতৰ মানিবেগটোত সকলো আছিল৷
ডেবিড কাৰ্ড, আধাৰ কাৰ্ড, এটিএম, পানকাৰ্ড, ড্ৰাইভিং লাইচেন্সৰ লগতে নগদ ধনো আছিল বেগটোত৷ টকাৰ উপৰিও গুৰুত্বপূৰ্ণ তথ্যপাতি আছিল৷ মানিবেগটো হেৰুৱাই অসহায় হৈ পৰে গুৰপ্ৰীত৷ আৰক্ষীৰ ওচৰত এজাহাৰো দাখিল কৰে৷ কিন্তু ঘুৰাই নাপালে মানি বেগটো৷