খাৰুপেটীয়াঃ সোমবাৰে পুৱাই বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই খাৰুপেটীবাসীক মোহিত কৰে আমছুৱে৷ ৰাজ্যৰ খনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি, সংস্কৃতি পৰম্পৰাগত নৃত্যৰ দল, সাংস্কৃতিক দলে বৰ অসমৰ ঐক্য-সংহতিৰ এনাজৰী সদায় কটকটীয়া হৈ থাকিব তাৰেই বাৰ্তা দিয়ে অসমক৷
দৰং জিলাৰ খাৰুপেটীয়াত ৩১ মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা আমছুৰ ১৪তম অধিবেশন আৰু ৩৮ তম প্রতিষ্ঠা দিৱস উপলক্ষে সোমবাৰে অন্তিম কাৰ্যসূচী বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷