ওৰাংঃ মানুহ জনক অঞ্চলটোৰ সকলোৱে জানে৷ সকলোৱে মানুহজনক ছাৰ ছাৰ বুলি সম্বোধন কৰে৷ নীতিৰ মাজেৰে চলা মানুহজনে প্ৰতিদিনে পুৱাই বিছনা এৰি কছৰৎ কৰে প্ৰাতঃভ্ৰমণ কৰে, সেই কথা অঞ্চলটোৰ সকলোৱে জানে৷
মঙলবাৰেও তেঁও নিচেই পুৱাই বিছনা এৰে৷ অইন দিনাৰ দৰে পথৰ দাতিৰে খোজ কাঢ়িব ধৰে৷ বিধিৰ বিপাক হঠাৎ মানুহজনে শাৰীৰিক অসুস্থতাত ভোগে৷ তেওঁ ততাতৈয়াকৈ ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ আহে৷ ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰৰ বাৰান্দাত শুই দি লৰচৰ কৰিব নোৱাৰ হয়৷ বাৰান্দাৰ পৰা চিঞৰি চিঞৰি কেৱল কলে মোক সহায় কৰা, মোক বচোৱা মোক বচোৱা৷