68
ডিজিটেল ডেস্কঃ যোৱা ০১ এপ্ৰিলত জম্মু কাশ্মীৰৰ কেইবাটাও ঠাইত পৰ্যটকক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে৷ কাশ্মীৰ ভ্ৰমণ কৰিবলৈ যোৱা পৰ্যটকক ডাললেক আৰু অৱন্তীপোৰাত আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে৷
কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা এই খবৰক অস্বীকাৰ কৰে কাশ্মীৰ আৰক্ষীয়ে৷ মঙলবাৰে আৰক্ষীয়ে বিবৃতি প্ৰকাশ কৰি ডাললেক আৰু অৱন্তীপোৰাত কোনো পৰ্যটকক আহত হোৱা নাই আৰু কোনো লোকে এতিয়ালৈ অভিযোগ দাখিল কৰা নাই বুলি কয়৷