নগাঁওঃ সমগ্ৰ ৰাজ্য কপোৱা বটদ্ৰৱাৰ নাবালিকা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই এইবাৰ নগাঁও জিলাত যৌতুকৰ বাবে মহিলাক নিৰ্যাতন চলোৱাৰ ঘটনা সংঘটিত হৈছে৷ জিলাখনৰ উত্তৰ-পশ্চিম প্ৰান্তৰ আলিটাঙনীৰ পতিয়া পথাৰত সংঘটিত হৈছে এই ঘটনা৷ ইতিমধ্যে পত্নীয়ে স্বামী গৃহৰ লোকৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰে৷
জানিব পৰা মতে, পতিয়া পথাৰৰ আক্কাছ আলীৰ পুত্ৰ মোকছিদুল ইছলামৰ সৈতে বিগত বৰ্ষৰ মে’ মাহত বিবাহপাশত আবদ্ধ হয় বটদ্ৰৱা থানাৰ অন্তৰ্গত হাইডুবীৰ মন্নাছ আলীৰ কন্যা মুছিদা খাতুনে৷ বিয়াৰ পিছৰে পৰা মোকছিদুলে যৌতুক বিচাৰি পত্নীক শাৰীৰিক-মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হয়৷