58
ওদালগুৰিঃ ওদালগুৰি জিলাৰ দৰং-ওদালগুৰি সীমান্তৰ ওতলা গাঁৱত ভাৰতীয় সেনাই অভিযান চলাই শনিবাৰে দিনৰ প্ৰায় ১০.৩০ বজাত অস্ত্ৰ সহ এগৰাকী সন্দেহজনক আলফা কেডাৰক আটক কৰিবলৈ সক্ষম হয়৷
ওদালগুৰিৰ গলন্দীৰ ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ গজৰাজ বাহিনী আৰু ওদালগুৰি আৰক্ষীয়ে দৰং-ওদালগুৰি সীমান্তৰ ওতলা গাঁৱত অভিযান চলাই টংকেশ্বৰ কেওট(৪৮) নামৰ সন্দেহজনক লোকজনক আলফাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত আটক কৰে৷