ডিজিটেল ডেস্কঃ ফেচবুক ব্যৱহাৰকাৰীৰ ডাতা ফাদিল হোৱা ঘটনা সন্দৰ্ভত ফেচবুকৰ মুখ্য কাৰ্যবাহী তথা প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গে আমেৰিকাৰ সাংসদক সাক্ষাৎ কৰি ক্ষমা বিচাৰে। আনহাতে জুকাৰবাৰ্গে যুক্তৰাষ্ট্ৰীয় সংসদ কংগ্ৰেছ সমিতিৰ সন্মুখত মঙলবাৰে উপস্থিত হয়৷
তাৰ পূৰ্বে ক্ষমা বিচাৰে জুকাৰবাৰ্গে। তেওঁ কয় ‘‘আমি আমাৰ দায়িত্ব ভালদৰে পালন কৰিব পৰা নাই৷ এইটো আমাৰ ডাঙৰ ভুল৷ এয়া মোৰ ভুল আছিল আৰু তাৰ বাবে ক্ষমা বিচাৰিছো৷ মই ফেচবুক আৰম্ভ কৰিছিলো আৰু ইয়াক মই চলাইছো৷ ইয়াৰ পৰা কিবা হলে তাৰ বাবে মই দোষী হম৷’’