ডিজিটেল ডেস্কঃ মাৰধৰ কৰাৰ ফলত মৃত্যু হৈছিল উত্তৰ প্ৰদেশৰ বিজেপি বিধায়কৰ বিৰুদ্ধে গণ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা মহিলাৰ পিতৃগৰাকীৰ৷ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত এই কথা প্ৰকাশ পায়৷ শৰীৰৰ ১৪ স্থানত আঘাতৰ চিন পোৱাৰ লগতে আঘাতৰ চিন সমূহ প্ৰায় ৬-৭ দিনৰ পুৰণি বুলি কয় চিকিৎসকে৷
উত্তৰ প্ৰদেশৰ উন্নাৱৰ এগৰাকী মহিলাই বিজেপি বিধায়ক কুলদ্বীপ সিঙৰ বিৰুদ্ধে সহযোগীৰ সৈতে লগলাগি গণ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে৷ তাৰ পিছতে যোৱা ০৭ এপ্ৰিলত মহিলা আৰু মহিলাৰ পৰিয়ালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ লক্ষ্নৌৰ আৱাসৰ সন্মুখত আত্মহত্যা কৰাৰ চেষ্টা চলাই৷ আত্মহত্যা চেষ্টা চলোৱাত আৰক্ষীয়ে তেওঁলোকক আটক কৰি থানাত ৰাখিছিল যদিও নিশা মৃত্যু হৈছিল গণ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা মহিলাৰ পিতৃৰ৷