আমগুৰি/নামতিঃ আপোনালোকে কিয় এইবিলাক সোধে৷ মই যাব বিচাৰিছিলো৷ মোৰ টাৰ্গেট আছিল তাত যোৱা৷ টাৰ্গেট আছিল শিৱসাগৰ আহি জাঁজি নৈ খন চাওঁ৷ কিন্তু যদি মই বাধা পাও কি কৰিম মই৷ যেন অসহায় এগৰাকী প্ৰভাৱশালী মন্ত্ৰী৷
এই মন্তব্য আছিল বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ৷ মন্ত্ৰীগৰাকীয়ে পাকে প্ৰকাৰে প্ৰকাশ কৰিলে ৰাজ্যৰ কোনো শক্তিয়ে তেওঁক কাম কৰাত বাধা দিয়ে৷ যাৰ বাবে তেওঁ ইচ্ছা থকা সত্বেও কাম কৰিব নোৱেৰে৷ সোমবাৰে শিৱসাগৰ জিলাৰ সাংবাদিকে মন্ত্ৰী ব্ৰহ্মক শিৱসাগৰ জিলাৰ মাজে ৰে বৈ যোৱা জাঁজি নৈৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে৷