নগাঁওঃ সামাজিক ব্যাধি স্বৰূপ বাল্য বিবাহ৷ বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধ কৰাৰ বাবে বিভিন্ন দল-সংগঠনে সজাগতা সভা, অভিযান চলাই আহিছে৷ এই মহাব্যাধি সমাজৰ পৰা নাইকীয়া কৰিবলৈ চেষ্টা কৰি আহিছে যদিও সংখ্যালঘু সমাজৰ পৰা এই ব্যাধি আতৰাৰ নামেই লোৱা নাই৷
বিভিন্ন সংখ্যালঘু জনবসতি দুৰ্গম অঞ্চলত বাল্য বিবাহৰ প্ৰভাৱ আজিও আছে। যাৰ ফলত নিতৌ সংঘটিত হৈ আহিছে বিভিন্ন অনৈতিক কুসংস্কাৰমূলক কাৰ্য। চৰকাৰ, স্বেচ্ছাসেৱী অনুষ্ঠান, সংখ্যালঘু সংগঠনে বাল্য বিবাহ ৰোধ কৰাৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে এইবাৰ ১৪ বছৰীয়া কিশোৰীক ১৮ বছৰীয়া সজাই অবৈধ ভাবে বিয়া দিয়াৰ ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ জুৰীয়াত৷ বাল্য বিবাহ কৰাৰ অভিযোগ উত্থাপন হৈছিল নগাঁও জিলাৰ জুৰীয়াৰ আইনুল হক নামৰ লোকজনৰ বিৰুদ্ধে৷