ডিজিটেল ডেস্কঃ এগৰাকী কৃষকে মৃত্যুৰ পূৰ্বে লিখি থৈ যোৱা নোটত তেওঁৰ মৃত্যুৰ বাবে প্ৰধানমন্ত্ৰী মোডীক দোষী বুলি কয়৷ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ চৰকাৰৰ ভূল নীতিৰ বাবে আত্মহত্যা কৰা বুলি ঋণগ্ৰস্ত কৃষকগৰাকীয়ে নোট লিখি থৈ যায়৷ মহাৰাষ্ট্ৰৰ ইয়াবতমল জিলাত ৰাজুৱাৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা৷
আৰক্ষীয়ে মৃতদেহৰ সৈতে এটি নোট উদ্ধাৰ কৰে৷ মঙলবাৰে প্ৰথমে চিপ লৈ আত্মহত্যা কৰাৰ চেষ্টা কৰে যদিও বিফল হৈ বিষ পান কৰে কৃষকগৰাকীয়ে৷ চিকিৎসালয়ত নিয়ে যদিও মৃত্যুক আকোৱালি লয়৷ তাৰ পিছতে মৃতদেহ চিকিৎসালয়ৰ পৰা চমজি লোৱা নাছিল পৰিয়ালে৷