ওদালগুৰিঃ বিটিচিৰ শাসকীয় দল বিপিএফৰ ওদালগুৰি জিলা সমিতিৰ বাৰ্ষিক অধিবেশনৰ বৃহস্পতিবাৰে দিনজোৰা কাৰ্য্যসূচীৰে ওদালগুৰি বাহিনীগাঁৱত অনুষ্ঠিত হৈ যায়। অধিবেশনৰ উপলক্ষে বৃহস্পতিবাৰে দিনৰ ১ বজাত মুকলি সভা অনুষ্ঠিত হয়৷ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিপিএফ তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচিবাসীক দলটোৰ হৈ কাম কৰি দলটোক শক্তিশালী কৰিবলৈ আহ্বান জনায়। বিভিন্ন সময়ত ৰাইজে দলটোৰ বিষয়ে আলোচনা কৰি আহিছে। ইয়াৰ একাংশই ইতিবাচক আৰু আন একাংশই নেতিবাচক কথাৰে দলটোক সমালোচনা কৰে বুলি কয়।
প্ৰকৃততে বিটিচিবাসীহে বিটিচিৰ সমস্যাসমূহৰ বিষয়ে জানে। বিটিচিৰ বাহিৰত থাকি এই বিষয়ে আলোচনা কৰি লাভ নাই। বিটিচিৰ সমস্যা কেৱল বিপিএফ আৰু বিটিচিবাসীয়েহে সমাধান কৰিব পাৰে। বিটিচি অঞ্চলত পূৰ্ৱৰে পৰা বসবাস কৰা লোকসকলক ভূমিপট্টা প্ৰদান কৰাৰ কথা মহিলাৰীয়ে উল্লেখ কৰি কয় যে চৰকাৰী মটিত বসবাস কৰা গাঁও অঞ্চলৰ লোকসকলৰ খেতিৰ বাবে সাত বিঘা আৰু বাসস্থানৰ বাবে এক বিঘা মাটি আৰু চহৰ অঞ্চলত বসবাস কৰা লোকসকলক মাত্ৰ দুই কঠা মাটিৰ বাবেহে পট্টা প্ৰদান কৰা হ’ব।