নগাঁওঃ হেপাহৰ ৰঙালী বিহুলৈ মাজত মাথো এটা দিন। ৰাজ্যৰ চহৰ-নগৰ আৰু গ্ৰাম্য এলেকাত এতিয়া বাপতি সাহোন ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। বসন্ত ঋতুৰ আগমনৰ লগে লগেই সকলোৰে মনত বিৰিঙিছে ৰং-উৎসাহ, হাঁহি-আনন্দ। বহাগৰ আগমনত ন-ৰূপেৰে উজলি উঠিছে প্ৰকৃতি ৰাণী, কুঁহিপাত।
মন-প্ৰাণ সজীৱ কৰি তুলিবলৈ আকৌ আহিল ৰঙালী বিহু। প্ৰতিজন অসমীয়াৰ অতি চেনেহৰ বাপতিসাহোন এই বিহু সম্প্ৰতি পদাৰ্পণ কৰিছে পদূলিমুখত। সেয়ে ব’হাগী ব’হাগী গোন্ধেৰে আমোল-মোলাই পৰিছে অসমীয়াৰ পদূলি৷ এতিয়া ৰাজ্যৰ চৌদিশে বিহুক লৈ ব্যাপক ব্যস্ততা৷ নগঞা ৰাইজৰো ব্যস্ততাৰ ওৰ পৰা নাই৷