ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱালৰ অফিচত চাহ আৰু বিস্কুতৰ নামত যোৱা তিনি মাহত খৰছ হৈছে ১.৩ কৌটি টকা৷ এই তথ্য উদঘাটন হৈছে তথ্য জনা অধিকাৰ আইনৰ যোগেদি৷ ফেব্ৰুৱাৰী মাহত হেমন্ত সিং গৌনিয়া নামৰ মানৱ অধিকাৰ আয়োগৰ কৰ্মকৰ্তাগৰাকীয়ে আবেদন কৰা তথ্য জনাৰ অধিকাৰ আইনৰ যোগেদি এই তথ্য পোহৰলৈ আহে৷
হেমন্ত সিং গৌনিয়াৰৰ আবেদনৰ ভিত্তিত ভাৰতৰ তথ্য সম্প্ৰচাৰ আয়োগে এই তথ্য প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰী পদাধিকাৰৰ পোৱাৰ পাছৰেপৰা অৰবিন্দ কেজিৰৱালে চৰকাৰী ভ্ৰমণৰ নামত ব্যয় কৰিছে ১১.৯৯ লাখ টকা৷