ওদালগুৰিঃ যোৱা দুটা বছৰ ধৰি তেওলোকে এটা টকাও পোৱা দৰমহাৰ নামত৷ পদুলিমুখত অসমীয়াৰ হেপাঁহৰ বাপতিসাহোন ৰঙালী বিহু। ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে ৰঙালীক আদৰাৰ ব্যাপক উচাহ। বিভিন্ন লোকে ইতিমধ্যে বিহুৰ বাবে ভিন্ন ধৰণে যা-যোগাৰ কৰা পৰিলক্ষিত হৈছে৷ আপোন ঘৰ খনৰ পৰা ঘৰৰ পৰা নিলগত থকা লোকসকলে বিহু উপলক্ষে ৰাওনা হৈছে পৰিয়ালৰ মাজত থাকি বিহু উপভোগ কৰিবলৈ। কিন্তু তেওঁলোকৰ হাতত নাই ফুটাকঢ়ি এটাওঁ৷
হয়, বিটিএডি অঞ্চলত কৰ্মৰত টেট’ শিক্ষকৰ কথাকেই কৈছো৷ প্ৰতিটো ৰঙালী বিহু কঙালীত পৰিণত হৈ আহিছে তেওঁলোকৰ বাবে। উল্লেখ্য যে, বিগত বিটিচি নিৰ্বাচনৰ পূৰ্বে ২০১৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বিটিচি কৰ্তৃপক্ষই বিটিএডিৰ চাৰিখন জিলাৰ উচ্চ প্ৰাথমিক-নিম্ন প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিছিল প্ৰায় তিনি সহস্ৰাধিক টেট’ শিক্ষকক। প্ৰতি মাহে ৮০০০ টকাৰ বিনিময়ত ৬মাহৰ বাবে নিযুক্তি দিছিল এইসকল বিটিচি টেট’ শিক্ষকক।