জাগীৰোডঃ ভাবিছিলো লৰা-ছোৱালী খিনিক কাপোৰ এযোৰ দিও৷ বিহু বুলি এসাজ ভালকৈ খাম৷ তেওঁলোকে পেটত লাট মৰাই নহয় আমাৰ ককাঁল ভাঙিবলৈ বিচাৰিছে৷ কিহৰ কাৰণে? আমি কি পাপ কৰিছো৷ এই মন্তব্য মৰিগাঁও জিলাৰ জাগীৰোডস্থিত কাগজ মিলৰ অস্থায়ী কৰ্মচাৰীৰ৷
শুকুৰবাৰে অস্থায়ী কৰ্মচাৰীসকলে কলটোৰ মুখ্যদ্বাৰলৈ ওলাই আহি কলটো কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে তেওঁলোকৰ মান সন্মান বোলা বস্তুটো নাই নেকি৷
ইমান পঢ়া শুনা কৰি মেনেজমেণ্ট চম্ভালিছে৷ যোৱা কালিলে ডিচি মহোদয়ে আমাক এমাহৰ দৰমহা দিম বুলি কৈছিল৷ বাকী পিছত দিম বুলি কৈছিল৷ সেই কথা আমি মানি লৈছিলো৷ এই মানুহ খিনিৰ কি অৱস্থা কৰিলে৷ কিয় এনে অৱস্থা কৰিলে৷