নগাঁওঃ অসমীয়া সমাজ জীৱনৰ অন্যতম পুৰুধা ব্যক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰিনাতি দামোদৰ দেৱে নগাঁও জিলাৰ ইতিহাস বিজড়িত বৰদোৱাৰ কিছু নিলগত প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী নৰোৱা কুঁজি সত্ৰৰ ৩৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস অহা ১৮ এপ্ৰিলৰ পৰা পাঁচদিনীয়া বিস্তৃত ধৰ্মীয় কাৰ্যক্ৰমণিকাৰে উদযাপন কৰাৰ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷
উদ্যোক্তাসকলে যুগুত কৰা কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱাৰ ভাগত ধৰ্মধ্বজা উত্তোলন, গোবিন্দৰ চৰণত ভোগ চৰোৱা আৰু পানীতোলা অনুষ্ঠানৰ অন্তত বিয়লি ৩ বজাৰ পৰা শ্ৰী শ্ৰী মহা ভাগৱত পাঠ অনুষ্ঠানৰ শুভাৰম্ভ হ’ব৷