75
ওদালগুৰিঃ প্ৰতিজন অসমীয়াৰ মনত বিহু বুলিলেই এক সুকীয়া অনুভৱে গা কৰি উঠে। স্বদেশতেই হওক বা বিদেশতেই হওক, বিহু পালন কৰিব নোৱাৰিলে হাঁহাকাৰ কৰি উঠে অসমীয়াৰ দেহ-মনে। সেয়ে হাজাৰ ব্যস্ততাকো নেওচি সাত সাগৰ তেৰ নদীৰ সিপাৰে থাকিলেও বাপতি সাহোন বিহু পালন কৰে অসমীয়াই।
