134
তেজপুৰঃ ব’হাগ মাথো এটি ঋতু নহয়, নহয় ব’হাগ এটি মাহ
অসমীয়া কৃষ্টিৰ ই আয়ুষ ৰেখা জনজীৱনৰ ই সাহ ৷
অসমীয়া জনজীৱনৰ পূৰ্ণ প্ৰতিচ্ছবি ব’হাগ বিহু৷ ৰঙালীৰ উছাহত অসমীয়া জাতিৰ মন-প্ৰান উৎফুল্লিত হৈ পৰে৷ ৰঙালীৰ ৰঙত আত্মহাৰা হৈ থাকোতেই পাৰ হৈ গ’ল ব’হাগৰ তিনিটা দিন৷ আজি চাৰি ব’হাগ৷ আজিৰ দিনটো ৰাজ্যজুৰি আজি পালন কৰা হয় নাঙল বিহু হিচাপে৷