হোজাইঃ ৰাজ্যৰ দল-সংগঠন ঘৃণনীয় ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে সোচ্চাৰ হৈ থকাৰ সময়তে এটাৰ পিছত এটা ধৰ্ষণ-যৌন নিৰ্যাতনৰ ঘটনা অসমত সংঘটিত হ’ব ধৰিছে। ছাত্ৰ সংগঠন, মহিলা সংগঠন, ৰাজনৈতিক দলে এই কাণ্ডত জৰিত লোকক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰি অহাৰ সময়তে ঘৃণনীয় ধৰ্ষণ কাণ্ডৰ যেন ওৰহে নপৰে৷
এটাৰ পিছত এটা কাণ্ড অসমত সংঘটিত হ’ব ধৰিছে। এইবাৰ ৰাজ্যৰ ৰাজ পথৰ দাতিত পৰি থাকিল নাৰী৷ অৱলা নাৰীৰ যেন কোনো সুৰক্ষাই নাই অসমত৷ যাৰ বাবে আজি ৰাজপথৰ দাতিত পৰি থাকিব লগা হৈছে নাৰী৷ দেহৰ পৰা ৰক্তক্ষৰণ হৈ থকা যুৱতী উদ্ধাৰ হৈছে হোজাই জিলাত৷ হোজাই চহৰৰ পৰা কিছু নিলগত ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত অচেতন অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকী৷