69
ওদালগুৰিঃ ৰাজ্যত জাল নোটৰ প্ৰচলন আজিও অব্যাহত আছে৷ ৰাজ্যৰ বিভিন্ন ঠাইত জাল নোটৰ ব্যৱসায়ী আটক হৈ থকাৰ সময়তে এইবাৰ ওদালগুৰি জিলা আৰক্ষীয়ে, কামৰূপ মহানগৰ জিলাৰ আজাৰাৰ পৰা ৫গৰাকী লোক এখন স্কোৰপিঅ’ কেইবা লাখ টকা সহ নতুন আটক কৰিবলৈ সক্ষম হয়৷
ওদালগুৰি আৰক্ষীৰ জালত তিনিচুকীয়াৰ কৃষ্ণ সোণাৰ(৩৬), কামৰূপ মহানগৰ জিলাৰ আজাৰাৰ মজিবুৰ ৰহমান(৩৫), কামৰূপ মহানগৰ জিলাৰ হাতীগাঁওৰ পুলিন দত্ত(৫৫), আজাৰাৰ আৰজোল আলী(২৩) আৰু বকোৰ ফিৰোজ আলী(৩০) জালত পৰে৷