ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে ধৰ্ষণে বিভৎস ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷ নাৰী পুৰুষৰ অমানৱীক অত্যাচাৰ বলি হৈ অহাৰ ঘটনাই প্ৰতিদিনেই বাতৰিৰ শিৰোনামা দখল কৰি আহিছে৷ আৰু তাৰ লগে লগে উত্থাপন হৈছে আৰক্ষী প্ৰশাসনৰ নিস্ক্ৰিয়তাক লৈ অলেখ প্ৰশ্ন৷ কিন্তু এইবাৰ নিজৰ জীৱন বিপন্ন কৰি ধৰ্ষণ প্ৰতিৰোধ কৰিবলৈ এগৰাকী ৰেল আৰক্ষীয়ে কৰা প্ৰচেষ্টাই দেশত নজিৰ সৃষ্টি কৰিছে৷
মঙলবাৰে নিশা চেন্নাইৰ ভেলচেলিৰ পৰা চেন্নাই বিচলৈ যোৱা যাত্ৰীবাহী ৰেলখনত নিশাৰ কৰ্তব্যত আছিল নাইট স্কোৱাডৰ সদস্য চাব-ইন্সপেক্টৰ এছ চুব্বাইয়া, কনিষ্টবল কে শিবাজি আৰু আন এজন কনিষ্টবল৷ নিশা প্ৰায় ১১.৪৫ বজাত ৰেলখনে চিন্তাদ্ৰিপেট ষ্টেচন এৰাৰ পাছতেই কৰ্তব্যত থকা চাব-ইন্সপেক্টৰ এছ চুব্বাইয়াই কাষৰ ডবাটোত মহিলাৰ আৰিত চিৎকাৰ শুনিবলৈ পায়৷ কিন্তু দুয়োটা ডবাৰ নাজত দুৱাৰ নথকাৰ বাবে তেওঁ সেই ডবাটোলৈ যাব নোৱাৰে৷ চাব-ইন্সপেক্টৰ এছ চুব্বাইয়াই ৰেলখন পৰৱৰ্তী ষ্টেচন পোৱালৈ অপেক্ষা কৰিব বিচাৰে যদিও পুনৰ সেই একেটা ডবাৰ পৰা মহিলাগৰাকীৰ আৰ্তনাথ শুনি মহিলাগৰাকী বিপদত পৰাৰ উমান লাভ কৰে৷