অভয়াপুৰীঃ ১২ বছৰৰ তলৰ কিশোৰীক ধৰ্ষণকাৰীক মৃত্যুদণ্ড-মৃত্যু পৰ্যন্ত কাৰাবাস দিয়াৰ বাবে চৰকাৰে আইনৰ সংশোধন কৰাৰ পিছতো যৌন নিৰ্যাতনৰ ঘটনা কম হোৱাৰ নাম লোৱা নাই৷ সমগ্ৰ দেশৰ জনতাক কাঠুৱা, উন্নাও কাণ্ডক লগতে দেশত সংঘটিত ধৰ্ষণ কাণ্ডই প্ৰতিবাদমুৰ কৰি তোলাৰ সময়তে ৰাজ্যত পুনৰ এক ঘৃণনীয় কাণ্ড সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে৷ এইবাৰ ককাকৰ কামনাৰ বলি হ’ল নাতিনী৷ এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ যোগীঘোপাত৷
যোগীঘোপাত এগৰাকী নাতিনীক দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ককাকৰ বিৰুদ্ধে৷ ইতিমধ্যে আৰক্ষীয়ে ছবুৰুদ্দিন নামৰ লোকজনক আটক কৰিছে৷ জানিব পৰা মতে, কামৰূপ জিলাৰ নগৰবেৰাৰ ছবুৰুদ্দিনে বঙাইগাও জিলাৰ যোগীঘোপাৰ পৰা নাতিনীক ঘৰলৈ লৈ আহে৷ কামৰূপ জিলাৰ নগৰবেৰাৰ ঘৰত ৰাখি ছবুৰুদ্দিনে নাতিনীক যৌন নিৰ্যাতন চলাই৷