60
কোকৰাঝাৰঃ বড়ো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে এবছু, এনডিএফবি (প্ৰ) আৰু পিজেএচিবিএমে ৰাজ্যজুৰি প্ৰতাৰনা দিৱস পালন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিকটৰ শিশু উদ্যানৰ সন্মুখত পিকেটিংকাৰীসকলে সমূহীয়া ভাৱে মুণ্ডনেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷
