নগাঁওঃ চৰকাৰে গ্ৰাম্য অঞ্চলৰ কৃষকৰ উন্নয়নৰ স্বাৰ্থত গ্ৰহণ কৰা অভিলাষী আঁচনিয়ে নগাঁও জিলাৰ পশ্চিমাঞ্চলত এক প্ৰকাৰ ভেঁকো ভাওনাত পৰিণত হৈছে বুলি অভিযোগ উত্থাপন হৈছে৷ জিলাখনৰ হাতীচোং, কাছমাৰী আৰু শিলপুখুৰী মৌজাত হাজাৰ হাজাৰ দৰিদ্ৰ কৃষকে কৃষি বিভাগে বিনামূলীয়াকৈ যোগান ধৰা শস্যৰ বীজ, সাৰ, কীটনাশককে ধৰি খেতিৰ বিভিন্ন সজুলি লাভৰ পৰা বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
ইয়াৰ বিপৰীতে যিসকল কৃষকে কোনোমতে চৰকাৰে কৃষি ক্ষেত্ৰৰ উন্নয়নৰ নামত যোগান ধৰা বীজ পাবলৈ সক্ষম হৈছে সেয়াও সামন্য পৰিমাণৰ হোৱাৰ লগতে ইয়াৰ মান অতি নিম্ন মানদণ্ডৰ বুলি কয় কৃষক ৰাইজে৷ কৃষি বিভাগে বিতৰণ কৰা স্প্ৰে’ মেচিন, বিদ্যুৎ চালিত মটৰ আদি প্ৰকৃত কৃষকসকলৰ হাতত নপৰে৷