কোকৰাঝাৰঃ বঙাইগাাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত শালমাৰাৰ সৌপাৰাত কোকৰাঝাৰ আৰক্ষীয়ে বুধবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই অস্ত্ৰ বনোৱা কাৰখানা উৎখাত কৰাৰ লগতে অবৈধ অস্ত্ৰ নিৰ্মানকাৰী সুমিল চাংমা(৫৫) নামৰ এগৰাকী ব্যাক্তিক আটক কৰে।
কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰা মতে নিশা উপ আৰক্ষী অধীক্ষক(প্ৰৱেচনাৰী) পুণজিৎ নাথ আৰু সহ-পৰিদৰ্শক লাটুক দাসৰ নেৰ্তৃত্বত কোকৰাঝাৰ আৰক্ষীৰ অভিযানকাৰী দলে অভিযান চলাই সুমিল চাংমাক আটক কৰাৰ লগতে তেওঁৰ জিন্মাৰ পৰা দুটা হস্তনিৰ্মিত বন্দুক আৰু অস্ত্ৰ নিৰ্মানত ব্যৱহৃত সঁজুলি জব্দ কৰিছে।