Home দেশদুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ৰাহুলৰ বিমান৷ জানি বুজি এনে কৰাৰ সন্দেহ কংগ্ৰেছৰ

দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ৰাহুলৰ বিমান৷ জানি বুজি এনে কৰাৰ সন্দেহ কংগ্ৰেছৰ

by News Desk
59 views
A+A-
Reset

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী বৃহস্পতিবাৰে এক বিমান দূৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে৷ দিল্লীৰ পৰা কৰ্নাটকৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে যোৱা ৰাহুল গান্ধীৰ বিমানখন কৰ্নাটকৰ হুৱলীৰ আকাশত দূৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰে৷ কংগ্ৰেছক অধ্যক্ষগৰাকীয়ে যাত্ৰা কৰা বিমানখন আছিল দহজনীয়া চিটৰ এখন দশা ফ্যালকন ২০০০ এয়াৰক্ৰাফ্ট (ভিটি-এভিএছ)৷ এই বিমানখন ৰেলগেয়াৰ এবিএশ্যন লিমিটেডৰ দ্বাৰা নিয়ন্ত্ৰিত যদিও বৃহস্পতিবাৰে বিমানখন দিল্লীস্থিত এটা চাৰ্টাৰ্ড কোম্পানীৰ দ্বাৰা নিয়ন্ত্ৰন কৰা হৈছিল৷
 
দুটা ইঞ্জিনযুক্ত বিমানখনে বৃহস্পতিবাৰে পুৱা ৯.২০ বজাত দিল্লীৰ পৰা উৰা মাৰিছিল৷ কিন্তু যাত্ৰাৰ সময়ত মাটিৰ পৰা প্ৰায় ৪১ হাজাৰ ফুট উচ্চতাত বিমানখনৰ অট’পাইলট ব্যৱস্থাত বিজুটি ঘটে। অট’পাইলট বন্ধ হোৱাৰ পিছতে বিমানখনৰ পাইলটে বিমানখনৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনে৷ পাইলটৰ প্ৰচেষ্টাত  ১১.২৫ বজাত বিমানখন সুৰক্ষিত ভাৱে অৱতৰণ কৰিবলৈ সক্ষম হয়৷ 

এটা ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰা কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ সুৰক্ষিত অৱতৰণৰ পিছতে স্বস্তিৰ নিশ্বাস এৰে কংগ্ৰেছ নেতা-কৰ্মী তথা ৰাহুল গান্ধীৰ গুনমুগ্ধসকলে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0