তেজপুৰঃ অমৰৰ মৃত্যু হ’ল৷ মৃত্যু ঘটিল এগৰাকী সঁচা প্ৰেমিকৰ৷ এগৰাকী প্ৰেমৰ সংজ্ঞাক সলনি কৰা প্ৰেমিকাই জ্বলাই দিয়া জুইত জ্বলি চিকিৎসালয়ৰ বিচনাত চটফটাই অৱশেষত শুকুৰবাৰে অচিনা দেশলৈ গ’ল তেজপুৰৰ অমৰ৷ প্ৰেমক স্বৰ্গীয় বুলি কয় যদিও অমৰে যেন প্ৰেমৰ ওচৰত হাৰ মানি পৃথিৱীৰ পৰা মেলানি মাগিলে৷ অমৰ যেন হাৰি গ’ল প্ৰকৃত ভালপোৱাৰ ওচৰত।
কিছুদিন পূৰ্বে সংঘটিত হৈছিল এক হৃদয় বিদাৰক ঘটনা৷ যোৱা ২৩ এপ্ৰিলত তেজপুৰৰ লালমাটি নিৱাসী অমৰনাথ শৰ্মা নামৰ যুৱকজনক দেহৰ ৮০ শতাংশ জ্বলি যোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল তেজপুৰ চহৰৰ মাজমজিয়াৰ এটা নলাৰ পৰা৷ স্থানীয় ৰাইজে অৰ্ধ দগ্ধ অৱস্থাত অমৰক এটা নলাত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷