Home ৰাজ্যনতুন মন্ত্ৰীক কাৰ্বি পাহাৰত সম্বৰ্ধনা, চুমৰ মুখ খনেই চাব নাহিল মানছিঙে

নতুন মন্ত্ৰীক কাৰ্বি পাহাৰত সম্বৰ্ধনা, চুমৰ মুখ খনেই চাব নাহিল মানছিঙে

by News Desk
67 views
A+A-
Reset

খেৰণিঃ কাৰ্বি আংলঙৰ বিজেপি নেতা তথা ডিফু সমষ্টিৰ বিধায়ক চুম ৰংহাঙে শুকুৰবাৰে গৃহ জিলাত উপস্থিত হোৱাত কেইবাঠাইত দল-সংগঠন সম্বৰ্ধনা যাচে৷ বিধায়কগৰাকীয়ে মন্ত্ৰিত্ব লাভ কৰাৰ খবৰে কাৰ্বি পাহাৰৰ ৰাইজক আনন্দিত কৰাৰ লগতে পাহাৰীয়া জিলাত আবতৰীয়া দীপাৱলী উদযাপন কৰা পৰিলক্ষিত হয়৷ নৱ নিযুক্ত পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাঙক কাৰ্বি পাহাৰৰ বিভিন্ন স্থানত উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয়। চুম ৰংহাঙে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীত্ব লাভ কৰি গৃহ জিলালৈ দৌৰ দিয়াৰ সময়ত শুকুৰবাৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত মন্ত্ৰীগৰাকীক উষ্ম আদৰণি যাচে বিজেপিৰ পশ্চিম কাৰ্বি আংলং জিলা সমিতিয়ে। 

বিজেপিৰ পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি অৰুণ টেৰাং, উপ-সভাপতি ৰেনছিং ৰংহাং, কাৰ্যবাহী সদস্য ৰূপছিং টেৰণ, পৰিষদীয় সদস্য পবিত্ৰ ৰংপি, ৰামছিং তিমুং, প্ৰভাত টাৰ’, ৰিণা টেৰাংপি, পৱন কুমাৰৰ লগতে বিজেপিৰ বিভিন্ন পৰ্যায়ৰ বিষয়-ববীয়া আৰু বিজেপিৰ কৰ্মকৰ্তাক দেখিবলৈ পোৱা যায়৷ যদিও সম্বৰ্ধনা অনুষ্ঠানত বৈঠলাংছ’ সমষ্টিৰ স্থানীয় বিধায়ক ডঃ মানছিং ৰংপিক দেখা পোৱা নগল। বিধায়ক ডঃ ৰংপিৰ গৃহ সমষ্টিত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত স্থানীয় বিধায়কগৰাকী উপস্থিত নথকাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৰাজনৈতিক মহলত।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0