89
ডিজিটেল ডেস্কঃ শনিবাৰে চীনৰ বুহানত চীনৰ ৰাষ্ট্ৰপতি চী জিনপিঙৰ সৈতে আনুষ্ঠানিক বাৰ্তা সম্পূৰ্ণ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতলৈ উভতি আহে৷ এই বাৰ্তা বৈঠকত দুয়ো দেশত ৰাষ্ট্ৰপ্ৰধানে নিজ নিজ সেনা আৰু সামৰিক দিশ নিৰ্ণয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে যাতে বিশ্বাস আৰু বুজাবুজি বৰ্তি থাকে৷ এই খবৰ দুয়ো দেশে আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰা নাই যদিও চীনৰ সংবাদ মাধ্যমে এনেদৰে বাতৰি প্ৰকাশ কৰিছে৷