ডিজিটেল ডেস্কঃ ভাৰতীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষা-২০১৭ৰ ফলাফলৰ ঘোষণাৰ পাছতেই ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰীক্ষাৰ্থীসকলৰ সফলতা বিফলতাৰ ছবি পোহৰলৈ আহিছে৷ কোনোবাই যদি ভাল ফলাফল দেখুৱাই ফুৰ্তি কৰিছে, আন কোনোবাই আকৌ বিফলতাৰ পিছত আগন্তক পৰীক্ষাৰ বাবে আকৌ আবাৰ প্ৰস্তুতি চলাবলৈ পন বান্ধিছে৷
ভাৰতীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষা-২০১৭ৰ ফলাফলত দুৰিশেট্টী অনুদীপে সৰ্বভাৰতীয় ক্ষেত্ৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ তেলেংগানাৰ মেতপল্লীৰ বাসিন্দা অনুদীপ বৰ্তমান হায়দৰাবাদত সহকাৰী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷