গুৱাহাটীঃ ব্ৰহ্মপুত্ৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা নহয়, গোপনে কেন্দ্ৰৰ নদী সংযোজন আঁচনিৰ শুভাৰম্ভ কৰাটোহে নমামি মহোৎসৱৰ প্ৰকৃত উদ্দেশ্য। নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱকলৈ ব্যাপক বিতৰ্ক চলি থকাৰ মাজত এই অভিযোগেৰে ৰাজ্য চৰকাৰক উভতি ধৰিলে বিদ্ৰোহী সংগঠন সংযুক্ত মুক্ত বাহিনী অসম ‘স্বাধীন’ চমুকৈ আলফা স্বাধীনে৷ বিদ্ৰোহী সংগঠনটোৰ সহকাৰী প্ৰচাৰ সম্পাদক অৰুনোদয় অসমে আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত নমামি মহোৎসৱকলৈ ৰাজ্য চৰকাৰে চলোৱা ব্যাপক প্ৰস্তুতিক তীব্ৰ সমালোচনা কৰে৷
যিখন অসমৰ খেতিয়কে বানত সৰ্বশ্ৰান্ত হৈ, শিক্ষকে দৰমহাৰ অভাৱত আৰু দৰিদ্ৰ পিতৃৃ-মাতৃয়ে সন্তানৰ মুখত আহাৰ দিবলৈ অক্ষম হৈ নিজ সন্তানক হত্যা কৰি নিজেও আত্মহত্যাৰ পথ বাছি লয়, ছাত্ৰই ভগা দলঙৰ পৰা পৰি মৃত্যু বৰণ কৰে, স্বাস্থ্য বিভাগে জল-স্থল অতিক্ৰম কৰিব পৰা অত্যাধুনিক দ্ৰুত বাহনৰ সলনি ‘ঠেলাম্বুলেন্স’ নাম দিব পৰা প্ৰহসনেৰে দায় সাৰে সেই চৰকাৰে ১৪ কোটি টকা শৰাধ কৰি নমামি মহোৎসৱ আয়োজন কৰাটোক হাস্যকৰ আখ্যা দিয়ে।