কোকৰাঝাৰঃ কোকৰাঝাৰৰ এগৰাকী আৰক্ষী কনিষ্টবলে পত্নীক বিবাহ বিচ্ছেদ নিদিয়াকৈ পুনৰাই অান এগৰাকী যুৱতীক বিবাহ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰথমা পত্নীক বিচ্ছেদ নিদিয়াকৈ অান এগৰাকী যুৱতীক বিৱাহ কৰা অাৰক্ষী কনিষ্টবলগৰাকী বুৰলা মুছাহাৰী ।
ঘটনা সন্দৰ্ভত অাৰক্ষী কনিষ্টবল বুৰলা মুছাহাৰীৰ(৩৯) বিৰুদ্ধে পত্নী তথা মহিলা আৰক্ষী কনিষ্টবল গীতা মণ্ডলে কোকৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে এতিয়ালৈকে কোনো বিহিত ব্যৱস্থা লোৱা নাই বুলি অভিযোগ কৰিছে ৷ গীতাই ঘটনা সন্দৰ্ভত কয় যে ২০০৮ চনত প্ৰেম সূত্ৰে দুয়োজনৰ মাজত সম্পৰ্ক গঢ়ি উঠাৰ পাছত দুয়োটা পৰিয়ালৰ সহমতত সামাজিক ভাৱে বিবাহ সম্পন্ন হয় ৷