ঢেকীয়াজুলিঃ জাৰ্ণেলিষ্ট ইউনিয়নৰ শোণিতপুৰ জিলা সমিতিয়ে তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক মনোজ বৰাক মঙলবাৰে প্ৰণৱ সিংহ বঁটা প্ৰদান কৰে৷ তেজপুৰ ইউনিয়নৰ সভাগৃহত অনুষ্ঠিত বিশেষ অনুষ্ঠানত সাংবাদিক মনোজ বৰাক এই বঁটা প্ৰদান কৰা হয়৷
তেজপুৰৰ বিশিষ্ট সাংবাদিক প্ৰয়াত প্ৰণৱ সিংহৰ নামত পোন প্ৰথম বাৰৰ বাবে বঁটা প্ৰদান কৰা হয়৷ এখন মানপত্ৰ আৰু নগদ দহ হাজাৰ টকা প্ৰদান কৰা হয় বঁটাত৷
তেজপুৰৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকত ‘মহাজাতি’ৰ সম্পাদক তথা বিশিষ্ঠ সাংবাদিক প্ৰয়াত প্ৰণৱ সিংহৰ সোঁৱৰণত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷