Home দেশমহিলা বিষয়াৰ হত্যা, আদালতে ক’লে ‘মানুহ হত্যা কৰাৰ অনুমতি দিলে নিৰ্দেশ দিয়াটো বন্ধ কৰিম’

মহিলা বিষয়াৰ হত্যা, আদালতে ক’লে ‘মানুহ হত্যা কৰাৰ অনুমতি দিলে নিৰ্দেশ দিয়াটো বন্ধ কৰিম’

by News Desk
57 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ১৭ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত হিমাচল প্ৰদেশৰ চোলান জিলাৰ ১৩ খন অবৈধ হোটেল এটা প্ৰশাসনিক বিষয়াৰ দলে উচ্ছেদ কৰিবলৈ যোৱাৰ সময়তে হোটেলৰ মালিকে কৰা গুলিচালনাত এগৰাকী চৰকাৰী মহিলা প্ৰশাসনিক বিষয়াৰ মৃত্যু ঘটে৷ আনহাতে হোটেলৰ মালিকৰ নিৰ্বিচাৰ গুলিচালনাত এগৰাকী লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰীও গুৰুত্বৰভাৱে আহত হয়৷ ইয়াৰ পাছতেই উচ্চতম ন্যায়ালয়ে ঘটনাটোক গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে৷

ইফালে উচ্চতম ন্যায়ালয়ে ঘটনা সন্দৰ্ভত হিমাচল প্ৰদেশৰ চৰকাৰ আৰু প্ৰশাসনৰ নিষ্কৰ্মতাক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ আদালতে কয়, ‘আপোনালোকে যদি এনেকৈয়ে মানুহ হত্যা কৰাৰ অনুমতি প্ৰদান কৰে, তেন্তে আমি নিৰ্দেশ দিবলৈকে বন্ধ কৰি দিম৷’ ইফালে এগৰাকী মহিলা প্ৰশাসনিক বিষয়াৰ সুৰক্ষাৰ নামত চৰকাৰখনে কি কৰিছিল আৰু হোটেলৰ মালিকে গুলিচালনা কৰি পলাই যোৱাৰ সময়ত প্ৰশাসনে কিয় অপৰাধীজনক ধৰিব নোৱাৰিলে বুলিও আদালতে চৰকাৰ তথা প্ৰশাসনৰ পৰা উত্তৰ বিচাৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0