62
কোকৰাঝাৰঃ প্ৰতিকুল বতৰকো নেওঁচি পৃথক বড়োলেণ্ড ৰাজ্য গঠন, প্ৰস্তাৱিত বড়োলেণ্ড এলেকাৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা, কাৰ্বি আংলঙত বসবাস কৰা বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্যদা প্ৰদান কৰা আৰু পৃথক বড়োলেণ্ড সমস্যা সমাধান বাবে শীঘ্ৰেই ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবীত বুধবাৰৰ পৰা এবছু, এনডিএফবি(প্ৰ) আৰু পিজেএচিবিএমে যৌথভাৱে কোকৰাঝাৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে।
