ডিজিটেল ডেস্কঃ মৃত্যুদণ্ড প্ৰদান কৰা মানে ৰায় প্ৰদানৰ নামত শীতল মস্তিস্কৰে হত্যা কৰাৰ সমান৷ শুকুৰবাৰে আদালতে প্ৰদান কৰা মৃত্যুদণ্ডৰ শাস্তি ঘোষণাৰ পাছত এক আবেদন দাখিল কৰাৰ সময়ত এনেদৰে কয় নিৰ্ভয়া কাণ্ডৰ কাৰাদণ্ডিত অপৰাধীয়ে৷
বিশ্ব কঁপোৱা দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ ৪ ধৰ্ষণকাৰীৰ ভিতৰৰ বিনয় শৰ্মা আৰু পৱন গুপ্তা নামৰ ধৰ্ষণকাৰী দুজনে আদালতৰ ৰায় প্ৰদানৰ পিছত এটা সুযোগ বিচাৰি আবেদন কৰিছিল৷ মৃত্যুৰ দণ্ডেৰে দণ্ডিত ধৰ্ষণকাৰী দুজনে আদালতত যুক্তি দৰ্শাই কৈছিল যে তেওঁলোকৰ বয়স শাস্তি গ্ৰহণ কৰিবলৈ যথেষ্ট কম হোৱাৰ লগতে দুয়োজন দৰিদ্ৰ পৰিয়ালৰ৷ তাৰ বাবে দুয়োজনকে জীয়াই থকাৰ বাবে এটা সুযোগ প্ৰদান কৰা উচিত৷