গুৱাহাটীঃ শ্বহীদ প্ৰণামো তোমাক, শ্বহীদ প্ৰণামো তোমাক, লুইতৰ পাৰৰে তুমি ডেকা লʼৰা তুমিয়েতো বুকু পাতি দিলাঁ, ভাৰতীৰ নুমলী জীক বচাবলে তুমিয়েতো মৃত্যু বৰিলাঁ। হয়, তাহানিত ভূপেন হাজৰিকাই গীতৰ মাধ্যমেৰে অসমীয়া ডেকাক মৃত্যু বৰিলাঁ বুলি কৈ থৈ যোৱাৰ দৰে ভাৰতীৰ নুমলী জীক বচোৱাৰ সেৱা কৰিবলৈ গৈ শ্বহীদ হ’ল অসমীয়া ডেকা কামৰূপৰ আজাৰাৰ মাজিৰাগাঁৱৰ ভাস্কৰ কলিতা৷
উল্লেখ্য যে, ৪ মে’ৰ বিয়লি আলফা স্বাধীনেৰে আৰক্ষী-সেনাৰ সংঘৰ্ষত গুলীবিদ্ধ হৈ চিকিৎসালয়ত মৃত্যুক আকোৱালি লয় বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাই। জানিব পৰা মতে, দিনৰ প্ৰায় ১২ বজাত আলফাৰ দল এটা বৰডুমচাৰ কুজু পথাৰত প্ৰৱেশৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে৷ তাৰ পিছতে যুৱ আৰক্ষী বিষয়াগৰাকীয়ে চিআৰপিএফৰ দল সহ ঘেৰাও কৰে উক্তস্থান৷