খেৰণিঃ পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত সৰ্ব শিক্ষা অভিযান মিছনৰ এটি জিলা অভিযান বিষয়াৰ কাৰ্যালয় শনিবাৰে উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ স্থানীয় বিধায়ক ডঃ মানছিং ৰংপি, কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে জগতছিং ইংতি, ৰূপছিং টেৰণ, প্রদীপ ৰংপি, ৰাজু তিচ্ছই, তাৰেন্দ্ৰ ব্ৰহ্মৰ উপস্থিতিত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্যালয়টো উদ্বোধন কৰে৷
কাৰ্যালয়টো উদ্ধোধন কৰাৰ পাছতে অনুষ্ঠিত সভাত বিধায়ক ডা০ মানছিং ৰংপিয়ে শিক্ষক-শিক্ষয়ত্ৰীৰ সন্তানক ব্যক্তিগত বিদ্যালয়ত নামভৰ্তি কৰাৰ পৰিৱৰ্তে চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰাৰ আহ্বান জনায়৷ চৰকাৰী বিদ্যালয়ত শিক্ষাৰ মানদণ্ড উন্নত অথবা গুণগত শিক্ষা বিস্তাৰৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায়। সভাত মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে পাহাৰীয়া জিলাখনত অতি কম সংখ্যক শিক্ষক-শিক্ষয়িত্ৰীয়েহে বিদ্যালয়সমূত নিয়োগ হৈ আছে, ফলস্বৰূপে জিলাখনত শিক্ষাৰ ক্ষেত্রখনে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে বুলি মন্তব্য প্ৰকাশ কৰে।