58
সোণাৰিঃ তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ আলফা স্বাধীনৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যুৰ পিছতে সমগ্ৰ উজনি অসমত সেনা-আৰক্ষীৰ অভিযান অব্যাহত আছে৷ অভিযানৰ মাজতে উজনি অসমত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে নেকি আলফাই৷ ইয়াকে লৈ প্ৰশ্ন উত্থাপন হৈছে।
আলফাক নিয়ন্ত্ৰণ কৰাত বিফল হৈছে নেকি অসম আৰক্ষী৷ যোৱা ৬০ ঘণ্টাৰ উজনি অসমৰ ছবি খন প্ৰত্যক্ষ কৰি এনে প্ৰশ্ন উত্থাপন হৈছে জনসাধাৰণৰ মনত৷